ঊৰিয়াত উজলিল নগাঁৱৰ দুগৰাকী নৃত্য শিল্পী

ঊৰিয়াত উজলিল নগাঁৱৰ দুগৰাকী নৃত্য শিল্পী

যোৱা ৯ ডিচেম্বৰত উৰিষ্যাৰ ভুবেনেশ্বৰৰ ভাঞ্জা কলা মণ্ডপত অনুষ্ঠিত হোৱা ১৮ তম দেৱদাসী ৰাষ্ট্ৰীয় নৃত্য মহোৎসৱত সত্ৰীয়া নৃত্য প্ৰদৰ্শন কৰি ৰাইডিঙিয়াৰ দুগৰাকী উদীয়মান শিল্পীয়ে উৰিষ্যাৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁলোক ক্ৰমে কাব্যশ্ৰী বৰা আৰু গাৰ্গী কাকতি। তেওঁলোক দুয়োগৰাকী ৰাইডিঙিয়াৰ শংকৰ দেৱ শিশু নিকেতনৰ সপ্তম শ্ৰেণীৰ ছাত্ৰী । কাব্যশ্ৰী বৰা আৰু গাৰ্গী কাকতিয়ে পঢ়াৰ শুনাৰ সমান্তৰালকৈ ৰাইডিঙিয়াৰ সংগীত কানন বিদ্যালয়ত সত্ৰীয়া নৃত্য প্ৰশিক্ষণ লৈ আছে। তেওঁলোক দুগৰাকীয়ে স্বপ্নালি দাস আৰু বিশ্বজিৎ মজুমদাৰৰ ওচৰত সত্ৰীয়া নৃত্য শিক্ষা গ্ৰহণ কৰি আছে।


User: Live TV Assam

Views: 4

Uploaded: 2024-12-11

Duration: 01:19

Your Page Title