পঞ্চায়ত নিৰ্বাচনত মিত্ৰতাৰ সিদ্ধান্ত বুথ পৰ্যায়ত লোৱা হ'ব; মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী

পঞ্চায়ত নিৰ্বাচনত মিত্ৰতাৰ সিদ্ধান্ত বুথ পৰ্যায়ত লোৱা হ'ব; মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী

pবৰপেটা : "পঞ্চায়ত নিৰ্বাচনত মিত্ৰজোঁটক আসন এৰি দিয়া সম্পৰ্কে বুথ সমিতি আৰু মণ্ডল সমিতিসমূহৰ মতামতক অগ্ৰাধিকাৰ দিয়া হ'ব ।" এই মন্তব্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ ।ppবৰপেটা জিলা বিজেপিৰ কাৰ্যালয়ত জিলাখনৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে এখন দলীয় সভাত অংশগ্ৰহণ কৰি বিজেপিৰ সৈতে মিত্ৰজোঁটৰ মিত্ৰতা সন্দৰ্ভত এই কথা ব্যক্ত কৰে ।  ppমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে বিধায়ক ফণীধৰ তালুকদাৰৰ উপস্থিতিত বৰপেটা জিলা বিজেপিৰ পূৰ্বৰ আৰু নৱনিৰ্বাচিত সভাপতি, মণ্ডল আৰু মৰ্চাৰ কাৰ্যকৰ্তাসকলক লৈ এখন সভাত অংশ লয় । এই সভাৰ পিছতেই মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে বৰপেটা জিলা বিজেপি কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি কয়, "মিত্ৰতা সন্দৰ্ভত বুথ পৰ্যায়ত সিদ্ধান্ত লোৱা হ'ব । মিত্ৰদলক আসন এৰি দিয়া সম্পৰ্কে মণ্ডল সমিতিসমূহে বুথৰ সৈতে আলোচনা কৰি এই সম্পৰ্কে জিলা সমিতিক অৱগত কৰিব । আৰু তাৰ পৰৱৰ্তী সময়ত বিধায়ক ফণীধৰ তালুকদাৰ, জিলা প্ৰভাৰী, পঞ্চায়ত নিৰ্বাচনৰ দায়িত্বত থকা কো-ইনচার্জৰ লগতে জিলা সভাপতিয়ে এই সম্পৰ্কে সিদ্ধান্ত ল'ব ।"pলগতে পঢ়ক :লক্ষ্য ’২৬ : এইবাৰ সংখ্যালঘু সমষ্টিত বিজেপিৰ চকু - 2026 ASSAM POLLSaলগতে পঢ়ক :ব্ৰহ্মপুত্ৰত চীনৰ বৃহৎ নদীবান্ধ নিৰ্মাণৰ সিদ্ধান্তৰ বিৰোধিতা কংগ্ৰেছৰ - CHINAS RIVER DAM IN BRAHMAPUTRAa


User: ETVBHARAT

Views: 1

Uploaded: 2025-01-09

Duration: 03:12

Your Page Title