উৰুকাৰ আগদিনা নলবাৰীৰ জে বি ফুড প্ৰডাক্টৰ এদল মহিলাই প্ৰস্তুত কৰিছে হাজাৰ হাজাৰ লাড়ু পিঠা ।

উৰুকাৰ আগদিনা নলবাৰীৰ জে বি ফুড প্ৰডাক্টৰ এদল মহিলাই প্ৰস্তুত কৰিছে হাজাৰ হাজাৰ লাড়ু পিঠা ।

pনলবাৰী : কাইলৈ মাঘ বিহুৰ উৰুকা । ৰাজ্যৰ চৌদিশে ভোগালীক আদৰাৰ প্ৰস্তুতি তুংগত । সকলোৱে ব্য়স্ত হৈছে নাৰিকল,তিলৰ লাড়ু-পিঠা  প্ৰস্তুত কৰাত । সমান্তৰালভাৱে থলুৱা উদ্যোগত প্ৰস্তুত কৰা এইবোৰ সামগ্ৰী বজাৰত মেলি দিছে বিক্ৰীৰ বাবে ।ppউৰুকাৰ প্ৰাকক্ষণত নলবাৰীৰ এটি ১২১৫ জনীয়া মহিলাৰ দলে দিনে-নিশাই ব্যস্ত লাড়ু- পিঠা প্ৰস্তুত কৰাত । নলবাৰীৰ জেবি ফুড্ প্ৰডাক্ট নামৰ ক্ষুদ্ৰ উদ্যোগটোৰ মহিলাসকলে এতিয়া ভোগালীক আদৰাৰ আখলত ব্যস্ত । মূৰ তুলি চাবলৈ নাই আহৰি । কেৱল পিঠা আৰু লাড়ু বনাই সেইবোৰ বজাৰলৈ প্ৰেৰণৰ বাবে ব্য়স্ত হৈ পৰিছে ।ppউদ্যোগটোৰ স্বত্বাধিকাৰীগৰাকীয়ে এই প্ৰসংগত কয়,"ভোগালী বিহু বুলি ইতিমধ্যে হাজাৰ হাজাৰ লাড়ু পিঠাৰ লগতে অন্যান্য খাদ্য সামগ্ৰী প্ৰস্তুত কৰি বিভিন্ন ঠাইলৈ প্ৰেৰণ কৰিছো । হাজাৰ হাজাৰ লাড়ু পিঠাৰ লগতে অন্যান্য খাদ্য সামগ্ৰী প্ৰস্তুত কৰিছো । উদ্যোগটোত ১৫ গৰাকী মহিলাই এইসমূহ খাদ্য প্ৰস্তুত কৰিছে ।" ভোগালীত তেওঁলোকে এইবাৰ প্ৰায় ১০ লাখ টকাৰ লাড়ু-পিঠা আদি প্ৰস্তুত কৰা বুলি কয় উদ্যোগটোৰ স্বত্বাধিকাৰীগৰাকীয়ে । উৎপাদিত সামগ্ৰী সমূহ নলবাৰীৰ লগতে পাৰ্শ্চৱৰ্তী ৰঙিয়া, মহানগৰীৰ খানাপাৰা ,দীঘলীপুখুৰীৰ বজাৰত তেওঁলোকে এইবোৰ বিক্ৰী কৰিছে ।  ppলগতে পঢ়ক:মহানগৰবাসীয়ে পাহৰিলে নেকি ভোগালীৰ ভোগৰ ৰন্ধন প্ৰকৰণ ? - BHOGALI BIHU 2025appবজাৰত উপলব্ধ মেজি-ভেলাঘৰ - READY MADE MEJI AND BHELAGHARap


User: ETVBHARAT

Views: 1

Uploaded: 2025-01-12

Duration: 02:37

Your Page Title