ভোগালীৰ প্ৰস্তুতিৰ মাজতেই বনৰজাৰ বিচৰণ-গঁড়ৰ আতংক

ভোগালীৰ প্ৰস্তুতিৰ মাজতেই বনৰজাৰ বিচৰণ-গঁড়ৰ আতংক

pমাজুলী: আজি ভোগালী বিহুৰ উৰুকা । সমগ্র ৰাজ্যৰ লগতে সত্ৰ নগৰী মাজুলীতো ভোগালীক লৈ উখল-মাখল পৰিবেশে বিৰাজ কৰিছে । ভোগালী বিহুক আদৰিবলৈ সাজু হোৱাৰ মাজতে মাজুলীত বাঘ আৰু গঁড়ৰ আতংক । পূব মাজুলীৰ শালমৰা আৰু দক্ষিণপাট অঞ্চলত বাঘ আৰু গঁড়ৰ অৱস্থিতিৰ তথ্য লাভ কৰিছে মাজুলী জিলাৰ বন বিভাগে ।  ppদেওবাৰে দিনৰ ভাগত শালমৰা বন বিভাগৰ ৰিজাৰ্ভত গৰু আক্ৰমণ কৰে বাঘে । সেইবাবে উৰুকাৰ মেজি সাজিবৰ বাবে ৰিজাৰ্ভত প্ৰৱেশ নকৰিবলৈ আহ্বান জনাইছে বন বিভাগে । এনে আতংকৰ মাজতেই  ফটকা আৰু গুলী ফুটাই নিশা বাঘ খেদাৰ চেষ্টা চলাই বন বিভাগে । আনহাতে, এটা গঁড়ে আজি কেইবাদিনো ধৰি অফলামুখ অঞ্চলত বিচৰণ কৰাত ৰাইজৰ মাজত আতংকৰ সৃষ্টি হৈছে ।ppলগতে পঢ়ক:জীৱনক লৈ শংকা: তথাপিও এৰা নাই ৫০০ বছৰীয়া পৰম্পৰা - UNIQE BHELAGHARappতিনিচুকীয়াৰ ফিল'বাৰীত অব্যাহত বাঘৰ আক্ৰমণৰ ঘটনা; আহত ৩ - TIGER ATTACK IN TINSUKIAS PHILOBARIap


User: ETVBHARAT

Views: 0

Uploaded: 2025-01-13

Duration: 04:12

Your Page Title