নুমলীগড়ত উদ্ধাৰ অৰ্ধগলিত নাহৰফুটুকী

নুমলীগড়ত উদ্ধাৰ অৰ্ধগলিত নাহৰফুটুকী

pগোলাঘাট : গোলাঘাট জিলাৰ ৪ নং ৰংবং গাঁৱৰ এখন ক্ষুদ্ৰ চাহ বাগিচাৰ মাজত উদ্ধাৰ হৈছে এটা নাহৰফুটুকীৰ মৃতদেহ ৷ সোমাবৰে পুৱা বাগিচাখনত এজন শ্ৰমিকে কাম কৰিবলৈ যাওঁতে প্ৰত্যক্ষ কৰে অৰ্ধগলিত নাহৰফুটুকীটোৰ মৃতদেহ ৷ তাৰ পাচতে শ্ৰমিকজনে মৃত বাঘটোৰ সন্দৰ্ভত বাগিচাৰ মালিকক অৱগত কৰে ৷ পৰৱৰ্তী সময়ত বাগিচাৰ মালিকে বন বিভাগক খবৰ দিয়ে ৷ppখবৰ লাভ কৰিয়েই পশু চিকিৎসকক লগত লৈ বন বিভাগৰ এটা উক্ত স্থানত উপস্থিত হয় ৷ তাৰ পাচতে তেওঁলোকে মৃত নাহৰফুটুকীটো উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষাৰ অন্তত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে ৷ বাতৰি লিখা পৰলৈকে এই বাঘটো কি কাৰণত মৃত্যু হ’ল সেয়া জানিব পৰা হোৱা নাই ৷ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনতহে সমগ্ৰ তথ্য পোহৰলৈ আহিব বুলি বন বিভাগৰ এক সুত্ৰই জানিবলৈ দিয়ে ।ppএই ঘটনাৰ সম্পৰ্কে স্থানীয় এজন লোকে কয়, ‘‘৪ নং ৰংবঙত উৱলি যোৱা অৱস্থাত এটা নাহৰফুটুকী বাঘ পৰি আছিল । বাগিচাত কাম কৰিবলৈ অহা শ্ৰমিকে প্ৰত্যক্ষ কৰি বাগিচাৰ মালিকক খবৰ দিয়ে । তাৰ পাচতে বাগিচাৰ মালিকে মৃত নাহৰফুটুকীটো প্ৰত্যক্ষ কৰি বন বিভাগৰ লোকক খবৰ দিয়ে ৷’’ppলগতে পঢ়ক : উৰুকাৰ এনিশা পূৰ্বে গুলী ফুটাই গঞাক কি কি সৰ্তকবাণী দিলে বন বিভাগেappলগতে পঢ়ক : জীৱনক লৈ শংকা: তথাপিও এৰা নাই ৫০০ বছৰীয়া পৰম্পৰাap


User: ETVBHARAT

Views: 0

Uploaded: 2025-01-13

Duration: 00:24

Your Page Title