মা কামাখ্যাৰ আশীষ ল'লে প'ষ্ট মেলনৰ বেণ্ডৰ সদস্যই

মা কামাখ্যাৰ আশীষ ল'লে প'ষ্ট মেলনৰ বেণ্ডৰ সদস্যই

pগুৱাহাটী: পোনপ্ৰথমবাৰৰ বাবে ভাৰতত সংগীতানুষ্ঠান পৰিৱেশন কৰিব বিশ্ববিখ্যাত সংগীত শিল্পী প'ষ্ট মেলনে । অসমৰ গুৱাহাটীত সোমবাৰে অসম চৰকাৰৰ সহযোগত আয়োজন কৰা হৈছে বিশেষ কনচাৰ্টৰ । তাৰ পূৰ্বে গুৱাহাটীত আহি উপস্থিত হৈছে প'ষ্ট মেলনৰ বেণ্ডৰ সদস্যসকল । গুৱাহাটীত উপস্থিত হৈয়ে বেণ্ডৰ সদস্যসকলে দৰ্শন কৰে শক্তিপীঠ কামাখ্যা মন্দিৰ । দেওবাৰে বেণ্ডটোৰ কেইবাগৰাকী সদস্যই কনচাৰ্টৰ পূৰ্বে মা কামাখ্যাৰ আশিস লয় ।ppকামাখ্যা মন্দিৰত উপস্থিত হৈ অতি উৎফুল্লিত হৈ পৰে প'ষ্ট মেলনৰ সহকাৰী শিল্পীসকল । লগতে অসমৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিল বেণ্ডটোৰ সদস্যসকল । এগৰাকী সদস্যই কয়, "ঐতিহাসিক কামাখ্যা মন্দিৰ দৰ্শন কৰি, অসমলৈ আহি খুব ভাল লাগিছে । ভাৰতত প্ৰথমবাৰৰ বাবে অনুষ্ঠান পৰিৱেশন কৰিবলৈ যথেষ্ট আগ্ৰহী হৈ আছো ।" আন এগৰাকী শিল্পীয়ে কামাখ্যা মন্দিৰ আৰু অসমৰ সংস্কৃতিৰ প্ৰশংসা কৰে । দেওবাৰে পুৱাই প'ষ্ট মেলনৰ দুগৰাকী সহশিল্পী, এগৰাকী মেনেজাৰ আৰু ৩ গৰাকী প্ৰডাকচনৰ সদস্যই কামাখ্যা দৰ্শন কৰে । তাৰ ভিতৰত আয়োজক বুক মাই শ্ব'ৰ প্ৰতিনিধিও আছিল । উল্লেখ্য যে অসমৰ কনচাৰ্ট পৰ্যটনৰ অংশ হিচাপে আয়োজন কৰা হৈছে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন প'ষ্ট মেলনৰ সংগীতানুষ্ঠান । সোমবাৰে খানাপাৰাস্থিত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে ।ppলগতে পঢ়ক :প'ষ্ট মেলনৰ কনচাৰ্টলৈ অহাৰ পূৰ্বে জানি লওঁক এইকেইটা কথা...


User: ETVBHARAT

Views: 0

Uploaded: 2025-12-07

Duration: 04:09